অসম

assam

আলফা (স্বা) ৰ কেডাৰক গ্ৰেপ্তাৰ

ETV Bharat / videos

মহানগৰীৰ মালিগাঁৱৰ পৰা সন্দেহজনক আলফা (স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ - ulfa cadre arrested in guwahati

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:38 PM IST

গুৱাহাটী, ১৯ ডিচেম্বৰ :বিগত কিছু সময় ধৰি চৰ্চাত আছে সংযুক্ত মুক্তি বাহিনী (স্বা) অসম ৷ উজনি অসমৰ বিভিন্ন স্থানত গ্ৰেণেড উদ্ধাৰ হোৱাৰ লগতে সেনা চাউনিলৈ গ্ৰেণেড নিক্ষেপৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ বিশেষকৈ এই সেনা চাউনিৰ কাষৰীয়া অঞ্চলৰ ৰাইজে দিন পাৰ কৰিছে শংকাত ৷ 

শেহতীয়াকৈ যোৰহাটত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ পিচত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মাজত কথাৰ কটাকটি চলিছে ৷ পৰেশ বৰুৱাই জি পি সিঙক প্ৰত্যাহ্বান জনাই সাহস থাকিলে গুৱাহাটীত মুকলিকৈ ঘূৰিবলৈ কৈছে ৷ প্ৰত্যুত্তৰত জি পি সিঙে বৰুৱাক তেওঁৰ ঘৰ নতুবা অফিচলৈ আহিবলৈ কৈছে ৷ কিন্তু এনেদৰে গ্ৰেণেড নিক্ষেপ কৰি সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰিবলৈ মানা কৰিছে তেওঁ ৷ এই পৰিস্থিতিৰ মাজতে মঙলবাৰে গুৱাহাটীত সন্দেহযুক্ত আলফা(স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

মহানগৰীৰ পাণ্ডুত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই এই সফলতা অৰ্জন কৰে । মহানগৰীৰ মালিগাঁৱৰ পৰা সন্দেহজনক আলফা (স্বা)ৰ কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে । মালিগাঁৱৰ BBC কলনীত আত্মগোপন কৰি থকা অৱস্থাত সন্দেহজনক তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰা হয় । তেওঁলোকৰ নাম ক্ৰমে অসীম অধিকাৰী, ৰূপজ্যোতি দাস, মুন দেৱনাথ বুলি জানিব পৰা গৈছে । ধৃত তিনিজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা পিষ্টল । বৰ্তমান তেওঁলোকক জালুকবাৰী আৰক্ষী থানাত ৰখা হৈছে ।

লগতে পঢ়ক :এইবাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে অসমলৈ মাতিছে পৰেশ বৰুৱাক

ABOUT THE AUTHOR

...view details