অসম

assam

পুনৰ মৰিগাঁৱত নকল সোণসহ সৰবৰাহকাৰীক কৰায়ত্ব

ETV Bharat / videos

Fake gold seized: পুনৰ মৰিগাঁৱত নকল সোণসহ সৰবৰাহকাৰীক কৰায়ত্ব - Fake gold seizedd in Morigaon

By

Published : Mar 21, 2023, 8:49 PM IST

Updated : Mar 22, 2023, 3:24 PM IST

মৰিগাঁও, ২১ মাৰ্চ: মৰিগাঁৱত ধাৰাবাহিকভাৱে জব্দ হৈছে নকল সোণৰ নাও (Fake gold seizedd in Morigaon) । গ্ৰেপ্তাৰ হৈছে এজন পিচত আনটোকৈ নকল সোণৰ সৰবৰাহকাৰী (Fake gold smuggler arrested) । মঙলবাৰে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষীৰ জালত পৰে তিনি নকল সোণ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী তিনিওজনৰ ঘৰ লক্ষীমপুৰ নাওবৈচাত বুলি জানিব পৰা গৈছে । নকল সোণৰ সৰবৰাহকাৰীৰ কেইটাৰ নাম ক্ৰমেসমৰ আলী, আলাল‌উদ্দীন আৰু আশ্ৰফ (3 smugglers arrested with fake gold again in Morigaon) ।  

ইয়াৰ বিপৰীতে সোমবাৰে মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষীয়ে জিলাৰ খনৰ ধৰমতুল, তেতেলীয়া আৰু নাওবৈচাৰ পৰা ছয়জন নকল সোণৰ সৰবৰাহকাৰী ক্ৰমে আবু তাহেৰ, ফাইজুল ইছলাম, ৰিংকুমণি আলী, আৰু জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ লগতে ছয়খন সোণৰ নকল নাও, ছটা ম’বাইল জব্দ কৰি মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ বিপৰীতে মঙলবাৰে পুনৰ তিনি নকল সোণৰ সৰবৰাহকাৰীৰ পৰা প্ৰায় ২ কেজি ৮০ গ্ৰাম নকল সোণৰ নাও জব্দৰ খবৰে মৰিগাঁৱত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Fake gold seizedd in Morigaon)  ।  

ধৰমতুল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমুদ্দিন আহমেদে সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নাৰমাৰীৰ উলিউল্লাৰ ঘৰত বাহৰ পাতি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি তিনিওকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক:Manhunt for Amritpal Singh: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী 7 গৰাকী খালিস্তানী সমৰ্থক

Last Updated : Mar 22, 2023, 3:24 PM IST

ABOUT THE AUTHOR

...view details