অসম

assam

ETV Bharat / videos

নামতোলাত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক তিনিটা অভিযুক্ত - নামতোলাত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক তিনিটা অভিযুক্ত

By

Published : Aug 22, 2022, 9:51 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

নামতোলা আৰক্ষীয়ে সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান । সোমবাৰেও তেনে এক অভিযান চলাই নামতোলা আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ এগৰাকী নগা যুৱক আৰু দুগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় (Three people arrested with drugs and money at Namtula)। আটকাধীন লোক কেইজন হৈছে নানছা কন্যাক, ভাৰতী ৰয় আৰু নানু লিম্বো । নামতোলাৰ টিলা লাইনত নামতোলা আৰক্ষীয়ে অভিযান চলাই আটকাধীন লোকেইজনৰ পৰা ৯১ টা নিচাজাতীয় টেবলেটসহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্য আটকাধীন তিনিওৰে স্বাস্থ্য পৰীক্ষা কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details