Fake gold seized in Nagaon: নকল সোণ বিক্ৰী কৰিবলৈ আহি নগাঁও আৰক্ষীৰ জালত লখিমপুৰৰ তিনি প্ৰৱঞ্চক - নকল সোণ উদ্ধাৰ
নগাঁও, 10 মাৰ্চ : নগাঁও আৰক্ষীৰ আন এক বৃহৎ সফলতা । নকল সোণৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযানত ধৰা পৰে লখিমপুৰৰ তিনি প্ৰৱঞ্চক (Fake gold seized in Nagaon) । অভিযান চলাই নগাঁও আৰক্ষীয়ে নকল সোণৰ নাও, বিস্কুটসহ যীশুৰ মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
বৃহস্পতিবাৰে নগাঁৱৰ আমতলাৰ পৰা নকল সোণসহ তিনিজনকৈ প্ৰৱঞ্চক ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় নগাঁও সদৰ আৰক্ষী । লখিমপুৰৰ পৰা নগাঁৱলৈ আহি নকল সোণখিনি বিক্ৰী কৰাৰ সময়তে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই হাতে লোটে আটক কৰে প্ৰৱঞ্চক তিনিটাক (Nagaon police seized fake gold) । আটকাধীন নকল সোণ বিক্ৰেতা কেইটাৰ পৰা আৰক্ষীয়ে সন্দেহ জনক দুখন নকল সোণৰ নাও, ২ খন বিস্কুটৰ লগতে যীশুৰ এটা মূৰ্তিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আটকাধীন প্ৰৱঞ্চক কেইটা হৈছে লখিমপুৰৰ ছাদ্দাম হুছেইন, আনাৰুল ইছলাম আৰু ৰিয়াজুল হক । উল্লেখযোগ্য যে, এই অভিযুক্ত কেইটাই পূৰ্বেও এনেদৰে নগাঁৱলৈ আহি নকল সোণ বিক্ৰী কৰি গ্ৰাহকক লুটি থৈ যোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :Youth found illicit relation with minor: এজন যুৱকক কিশোৰীৰে অসংযত অৱস্থাত উদ্ধাৰ