অসম

assam

মুকালমুৱাত তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী আটক

ETV Bharat / videos

Drugs racket in Nalbari: পাৰ্লাৰৰ ভিতৰৰ পৰা ড্ৰাগছ সহ আটক তিনি সৰবৰাহকাৰী

By

Published : Mar 21, 2023, 10:32 PM IST

Updated : Mar 22, 2023, 2:52 PM IST

নলবাৰী, ২১ মাৰ্চ:ৰাজ্যত অব্য়াহত নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা । নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ নহওক কিয় একাংশ ব্যৱসায়ীয়ে তাৰ মাজেতেই ভিন্ন কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ বেহা । মঙলবাৰে নলবাৰীৰ মুকালমুৱাত তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী আটক কৰে আৰক্ষীয়ে (Drugs paddler detained in Mukalmuwa)।  

মুকালমুৱাৰ চ'ক বজাৰত এখন পাৰ্লাৰত মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীকেইটাক । ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটা হৈছে ছামেদ আলী, মিনজুল আলী (দামু) আৰু মইদুল ইছলাম (টিলা) । ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটাৰ পৰা আৰক্ষীয়ে ২৫৬ টা নিচাযুক্ত টেবলেট, ৫ টা নিচাযুক্ত ঔষধৰ বটল আৰু এখন নম্বৰ প্লেটবিহীন স্কুটি জব্দ কৰিবলৈ সক্ষম হয় (Drugs seized in Mukalmuwa)।

ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটাই মুকালমুৱা চ'কত থকা পাৰ্লাৰখনত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল । আজি হঠাৎ মুকালমুৱা আৰক্ষীয়ে পাৰ্লাৰখনত অভিযান চলাই ড্ৰাগছসহ ব্যৱসায়ী কেইটাক আটক কৰে ।

লগতে পঢ়ক:Protest at Amguri : পঞ্চায়ত সচিবক হালোৱা এচাৰিৰে কোবোৱাৰ ধমক আঁচনি বঞ্চিত হিতাধিকাৰীৰ

Last Updated : Mar 22, 2023, 2:52 PM IST

ABOUT THE AUTHOR

...view details