অসম

assam

ড্ৰাগছ সহ আটক তিনি সৰবৰাহকাৰী

By

Published : May 18, 2023, 11:10 AM IST

ETV Bharat / videos

Drugs Peddler Arrest:নলবাৰীৰ আদাবাৰীত ড্ৰাগছ সহ আটক তিনি সৰবৰাহকাৰী

নলবাৰী, 18 মে’ :নলবাৰীৰ মুকালমুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ ৷ জিলাখনৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত অধিকাংশ এলেকাই যেন এতিয়া ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত হৈছে । নিতৌ মুকালমুৱাৰ প্ৰতিটো প্ৰান্তত আৰক্ষীয়ে উৎখাত কৰি আহিছে ড্ৰাগছৰ ঘাটি ।

বুধবাৰে নলবাৰীৰ আদাবাৰীত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ অভিযানত আটক হয় তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler Arrest) । আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰণী দাসৰ নেতৃত্বত আদাবাৰীৰ আবু বক্কৰ চিদ্দিক নামৰ লোকজনৰ ঘৰত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ নাম ক্ৰমে আবু বক্কৰ চিদ্দিক (৩০), ৰাজীৱ দাস (২৯) আৰু লাকীম ডেকা (২২) (Nalbari Drugs news)।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ২৩ টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ৮ হাজাৰ টকা, এখন দুচকীয়া বাহন আৰু দুটা মোবাইল ফোন জব্দ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল ।

লগতে পঢ়ক :Drugs Paddlers detain at Kaliabor : ড্ৰাগছসহ জখলাবন্ধাৰ পৰা আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details