Cyber criminal eye on Govt schemes: মৰিগাঁও আৰক্ষীৰ জালত ছাদ্দাম হুছেইনসহ তিনি চাইবাৰ অপৰাধী
মৰিগাঁও, 27 এপ্ৰিল :মৰিগাঁও আৰক্ষীৰ সফলতা, চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰা চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড জিয়াবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিচতেই সহায়কাৰী আন তিনিটা অপৰাধীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Cyber criminal eye on pmfby money) ৷ দিল্লীত লুকাই থকা অসমৰ এইকেইটা অপৰাধীৰ ওপৰত বহুদিন ধৰি আৰক্ষীয়ে চকু দি আহিছিল ৷
মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত গ্ৰেপ্তাৰ হয় এই তিনিটা চাইবাৰ অপৰাধী । ধৃত অপৰাধী কেইটা হৈছে মৈৰাবাৰী তাতীকটা গাঁৱৰ মোবাকৰ হুছেইন, চাজিকুল ইছলাম আৰু ছাদ্দাম হুছেইন (Cyber crime using ATM)। প্ৰাপ্ত খবৰ অনুসৰি বহুদিন ধৰি দিল্লীত পলাই আছিল এই অপৰাধীকেইটা ।
আটাইতকৈ আচৰিত কথাটো হ’ল যে, অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ পাচতো এই অপৰাধী কেইটাক মোকলাই নিবলৈ মিকিৰভেটা আৰক্ষী চকী পালেগৈ পাঁচজন ব্যক্তি ৷ চাইবাৰ অপৰাধীক মুকলি কৰি দিবলৈ আৰক্ষীক যাচিলে চাৰি লাখ টকা (cyber criminal eye on govt schemes) ৷
বৰ্তমান আৰক্ষীয়ে এই সকলো লোককে আটক কৰিছে বুলি জানিবলৈ দিছে আৰু জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, মৰিগাঁও জিলা আৰক্ষী বাহিনীয়ে বহুকেইটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও কমা নাই চাইবাৰ অপৰাধী ।