Annual Foundation Day: গাতি আদৰ্শ জাতীয় বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন - আদৰ্শ জাতীয় বিদ্যালয়
শুকুৰবাৰে বাক্সাৰ শালবাৰীৰ গাতি আদৰ্শ জাতীয় বিদ্যালয়ত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় (Adarsh Jatiya Vidyalaya in Baksa)। পুৱাৰ সময়ত পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি গোকুল দাসে ৷ বন্তি প্ৰজ্বলন কৰে পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ধনজিৎ দাসে (Annual Foundation Day)। ইয়াৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । পৰিচালনা সমিতিৰ সভাপতি গোকুল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বলেন দাসে । সভাখনৰ মাজে মাজে কবিতা, গীত, নৃত্যও পৰিবেশন কৰা হয় ।
Last Updated : Feb 3, 2023, 8:38 PM IST