Raha theft incident: ৰহাত দিন দুপৰতে চোৰৰ লুটপাত - Thief case in Raha
Published : Sep 29, 2023, 9:37 PM IST
ৰহা,২৯ ছেপ্টেম্বৰ: ৰহা চহৰৰ ৰজাগাঁৱত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা । ৰজাগাঁৱৰ অনন্ত দৰফাং নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰিকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ গ্ৰীলৰ তলা আৰু দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি চলালে লুটপাত । চোৰে চাৰিটাকৈ আলমাৰি ভাঙি নগদ ৩৫ হাজাৰ টকাৰ লগতে কেইবা লক্ষাধিক টকাৰ সোণ ৰূপৰ আ-অলংকাৰ লৈ উধাও হয় ।
লগতে লণ্ড-ভণ্ড কৰে সমগ্ৰ ঘৰৰ কোঠা । জানিব পৰা মতে অনন্ত দৰফাং ঘৰত নাছিল চাকৰিৰ সুত্ৰে দৰফাঙৰ পত্নী গৈছিল কৰ্মক্ষেত্ৰলৈ আৰু সন্তানসকল গৈছিল কলেজলৈ । সেই সুযোগতে চোৰে চলালে চাফাই অভিযান । বিয়লি অনন্ত দৰফাঙৰ ভতিজাক কলেজৰ পৰা অহাৰ পিচতহে চুৰিকাণ্ডৰ কথা পোহৰলৈ আহে । পিচত চুৰিকাণ্ডৰ কথা ৰহা আৰক্ষীক জনোৱাত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত অনুসন্ধান আৰম্ভ কৰিছে । দিন দুপৰতে হোৱা এই চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।
লগতে পঢ়ক:Dibrugarh theft news:চোৰৰো থাকে এটা মন, চোৰক ধন্যবাদ জনালে গৃহস্থই