অসম

assam

ধেমাজি মাছখোৱাত চোৰৰ লুটপাত

ETV Bharat / videos

Theft in Dhemaji: ধেমাজি মাছখোৱাত চোৰৰ লুটপাত - Thief looted a shop in Dhemaji

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 3:55 PM IST

ধেমাজি,৭ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । ধেমাজিৰ বিভিন্ন প্ৰান্তটো চোৰে নিদ্ৰাহৰণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ । এইবাৰ জন্মাষ্টমীৰ সুযোগ গ্ৰহণ ধেমাজিৰ বিভিন্ন প্ৰান্তত চোৰে চলাইছে চাফাই অভিযান ৷ বুধবাৰে দিনদুপৰতে ধেমাজি সদৰত এঘৰত লুটপাত চলোৱাৰ পাছতে নিশাৰভাগত ধেমাজি মাছখোৱা আৰক্ষী চকীৰ সমীপতে জুলি চাৰি আলিত চোৰে এখন ব্যৱসায়ী প্ৰতিষ্ঠানত চলাই লুটপাত ৷  

নিশা জন্মাষ্টমীত ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি দীপেন কোঁচৰ বাচন-বৰ্তন দোকানৰ পৰা লুটি নিয়ে প্ৰায় কাঁহী-বাটি ঘটি-লোটাসহ প্ৰায় দুই লাখ টকাৰ সামগ্ৰী আৰু নগদ আঠ হাজাৰ টকা লুট কৰি নিয়ে চোৰৰ দলটোৱে ৷ ইফালে আৰক্ষী চকীৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগত চুৰিকাৰ্য সংঘটিত হোৱাক লৈ স্থানীয় ৰাইজে ক্ষুৰধাৰ সমালোচনা কৰিছে আৰক্ষীক ৷  

লগতে পঢ়ক:Krishna Janmashtami 2023: নন্দোৎসৱ উপলক্ষে বৰপেটাত বোকাভাওনা

ABOUT THE AUTHOR

...view details