নাৰায়ণপুৰত আৰক্ষীৰ জালত বৃহৎ চোৰৰ দল - nine thieves arrested in Lakhimpur
নাৰায়ণপুৰত এটা চোৰৰ দল আটক (Thieves gang arrested at Narayanpur)৷ শেহতীয়াকৈ নাৰায়ণপুৰৰ বিভিন্ন ঠাইত সংঘটিত হোৱা এ টি এম চুৰি গাড়ী চুৰিৰ লগত এই চক্ৰটো জড়িত হোৱাৰ উপৰিও অৰুণাচল প্ৰদেশত সংঘটিত হোৱা কেইবাটাও চুৰি কাৰ্যত জড়িত আছিল এই বৃহৎ চক্ৰটো। এই গোপন সূত্ৰৰ পম খেদি অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰক্ষী আৰু লখিমপুৰ জিলা আৰক্ষীৰ যুটীয়া অভিযানত 9 টা চোৰক আটক কৰে আৰক্ষীয়ে (nine thieves arrested in Lakhimpur) ৷ আটকাধীন 9 টাৰে 8 টা চোৰক ইতিমধ্যে আৰক্ষীয়ে জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ নাৰায়ণপুৰ আৰক্ষী থানাত চোৰকেইটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০/২২ ৰ U/S ৪৫৭/৩৮০/৪২৭ ৰ ৪০১ নং গোচৰত এজাহাৰ দাখিল কৰা হৈছে ৷ আৰক্ষীয়ে জনোৱা মতে এই চক্ৰটোৰ লগত জড়িত আৰু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷ এই বৃহৎ চক্ৰটোৰ চোৰকেইটা হৈছে লখিমপুৰৰ মহম্মদ চাহিদুল আলি, ৰাজস্থানৰ আৰছাদ খান আৰু ৰুকুমুদ্দিন খান, ছিৰাংৰ নবীন ইছলাম, হাৰিয়ানাৰ ৰাহুল খান আৰু মহম্মদ জাহিদ, লখিমপুৰৰ মহম্মদ ছাদিক আলি, মুস্তাফিজুৰ ৰহমান আৰু যাইদুল ইছলাম ৷
Last Updated : Feb 3, 2023, 8:27 PM IST