অসম

assam

By

Published : Jul 20, 2022, 9:45 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Police rescue many cattle: বিলাসী বাহনত উঠাই এপাল গৰুক ফুৰালে চোৰে

বোকাখাতৰ গোহালীৰ পৰা চুৰি হোৱা গৰু বিলাসী বাহনত উদ্ধাৰ (Stolen cattle rescued at Samaguri) । বোকাখাত থানাৰ চৌহদত গৰু মালিকৰ ভিৰ । ৩ গৰু চোৰকো আটক কৰা হৈছে । বোকাখাতৰ পৰা বিলাসী বাহনেৰে চুৰি কৰি নিয়া গাড়ীসহ গৰু চোৰক আটক আৰক্ষীৰ । উল্লেখ্য যে দীৰ্ঘদিন ধৰি বোকাখাতৰ গ্ৰাম্যাঞ্চলৰ পৰা গোহালিৰ গৰু চুৰি হোৱাৰ ঘটনা সংঘটিত হৈ আহিছিল । সোমবাৰে নিশাও বোকাখাতৰ জাপৰিপথাৰ, তামুলিপথাৰ, কলাখোৱা অঞ্চলৰ পৰা গাইসহ সাতটাকৈ গৰু চুৰি হোৱাৰ পিছত ৰাইজে এজাহাৰ দাখিল কৰিছিল বোকাখাত থানাত (Cattle theft at Bokakhat) । তাৰ পিছতেই চামগুৰি আৰক্ষীৰ অভিযানত AS24 A 6767 নম্বৰৰ এখন বিলাসী ফৰ্ড ইক'স্পৰ্ট আৰু AS01 AH 5989 নম্বৰৰ এখন টাটা চাফাৰী গাড়ীসহ তিনিটাকৈ চোৰক আটক কৰি চামগুৰি আৰক্ষীয়ে চমজাই দিয়ে বোকাখাত আৰক্ষীক (Cattle thief arrested by samaguri police)। ধৃত গৰু চোৰকেইটাৰ নাম মুকচিদুল ইছলাম, ৰিজাবুল ইছলাম, মৌচিন আলি ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details