Guwahati Encounter: গুৱাহাটীত নিশা আৰক্ষীয়ে গুলীয়ালে অৰ্জুনৰ ভৰিত
গুৱাহাটী, 7 আগষ্ট:নিশা গুৱাহাটীৰ চন্দ্ৰপুৰত এনকাউন্টাৰৰ ঘটনা ৷ আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় অৰ্জুন সাহা নামৰ এটা চোৰ । মহানগৰীৰ বিভিন্ন স্থানত মোবাইল আৰু চেইন চুৰিৰ জড়িত আছিল অৰ্জুন সাহা ৷ দেওবাৰে অৰ্জুন সাহা নামৰ চোৰটোৰ লগতে ৰঞ্জুমা বেগম নামৰ এগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে ।
দুই চোৰক লৈ নিশা চন্দ্ৰপুৰত আন চোৰৰ সন্ধানত অভিযান চলাবলৈ লৈ যোৱা সময়তে আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰে অৰ্জুন সাহাই ৷ ফলত আৰক্ষীৰ গুলীত আহত হয় অৰ্জুন সাহা নামৰ চোৰটো ৷ বাওঁ ভৰিত আৰক্ষীৰ গুলী লাগি আঘাতপ্ৰাপ্ত হয় অৰ্জুন চোৰ । আহত অৰ্জুনক পুৱতি নিশা তিনি বজাত জি এম চি এইচত ভৰ্তি কৰোৱা হয় ৷ আহত অৰ্জুনৰ স্বাস্থ্যৰ সন্দৰ্ভত সংবাদমেলৰ সম্বোধন কৰে GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই ৷ বৰ্তমান অৰ্জুনৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমাণে উন্নত হোৱা বুলি মন্তব্য কৰে GMCH ৰ অধীক্ষকে ৷
উল্লেখ্য যে শেহতীয়াকৈ সঘনাই মোবাইল চুৰি আৰু কাঢ়ি নিয়াৰ ঘটনা বৃদ্ধি পোৱাত মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে । এই সমগ্ৰ প্ৰক্ৰিয়াটো জ্ঞাত হোৱাৰ পাচত আৰক্ষীয়ে এজন এজনকৈ মোবাইল চোৰ তথা কাঢ়ি নিয়া লোকক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰে । পানবজাৰ, পল্টন বজাৰ আৰু গীতানগৰ থানাৰ পুৰণি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। বুধবাৰে নিশাও বোন্দা আৰু বিৰুবাৰীত আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল। দুই চোৰে আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হৈছিল অভিজিত ৰাভা আৰু মহিবুল হক।
লগতে:Brutal Murder in Guwahati: জ্যেষ্ঠ ভাতৃৰ নৃশংস আক্ৰমণত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ