অসম

assam

ETV Bharat / videos

বঙাইগাঁৱত চোৰৰ আতংক: চুৰি হোৱা পশুধন উদ্ধাৰ চুবুৰীয়াৰ ঘৰত - Animals rescued at Banglapara

By

Published : Oct 6, 2022, 9:48 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

বঙাইগাঁও জিলাৰ বাংলাপাৰাত চোৰৰ তাণ্ডৱ (Thief incident in Bongaigaon)৷ বিগত কিছুদিন ধৰি সঘনাই চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে অঞ্চলটোত ৷ বুধবাৰে নিশা বাংলাপাৰা গাঁৱৰ ছাইদুৰ ইছলামৰ ঘৰৰ পৰা দুটা ষাঁড় গৰু আৰু এটা ভেড়া চুৰি হয় ৷ নিশাই গৰু চুৰি হোৱা বুলি খবৰ বিয়পি পৰাত চাৰিওফালে হুৱাদুৱা লাগি স্থানীয় ৰাইজে বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ পুৱতি নিশা বাংলাপাৰা গাঁৱৰ আলহাজ উদ্দিনৰ ঘৰৰ গোহালিৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে চুৰি হোৱা ভেড়া আৰু গৰু দুটা (Animals rescued at Banglapara) ৷ আলহাজ উদ্দিনৰ পুত্ৰ সুৰজ আলীৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ বৰ্তমান চুৰি হোৱা গৰু দুটা গাঁওৰক্ষী বাহিনীৰ জিম্মাত আছে ৷ ইফালে আলহাজ উদ্দিনৰ ঘৰৰ পৰা গৰু দুটা আৰু ভেড়া উদ্ধাৰ হোৱাৰ পিছতে আলহাজ উদ্দিন আৰু তেওঁৰ পুত্ৰ সুৰজ আলী ঘৰৰ পৰা পলায়ন কৰে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details