Thief attacked girl in Guwahati: গুৱাহাটীত যুৱতীক আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে ম’বাইল ফোন
গুৱাহাটী, ১৫ মে’:মহানগৰীত সুৰক্ষিত নহয় যুৱতী । পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা । ঘটনাৰ স্থান নাৰেংগী কেন্দুগুৰি । সহায় বিচৰাৰ চলেৰে এগৰাকী যুৱতীক শাৰীৰিকভাৱে আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিয়ে ম’বাইল ফোন ৷ দুৰ্বৃত্তৰ আক্ৰমণত মূৰত যথেষ্ট আঘাত পাই যুৱতীগৰাকীয়ে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচত মূৰত 8 টা কৈ চিলাই পৰে তেওঁৰ (thief attacked a girl at Narengi Guwahati )।
ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে নুনমাটি থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাৰেংগী ফৰেষ্টগেট অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ধুবুৰীৰ মহিবুল হক (১৯) নামৰ যুৱকজনক । আৰক্ষীয়ে লগতে যুৱতী গৰাকীৰ ম’বাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে কেন্দুগুৰিৰ এমিকা জোজো নামৰ যুৱতীগৰাকী সন্ধিয়া কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা । পূৰ্বৰ পৰাই পিছ লৈ থকা মহিবুল হকে যুৱতীগৰাকীক সাক্ষাৎ কৰি ঘৰলৈ এটা জৰুৰী ফোন কৰিব লাগে বুলি সহায় বিচাৰি যুৱতীগৰাকীৰ পৰা ম’বাইল ফোনটো বিচাৰে । যু
ৱতী গৰাকীয়ে নম্বৰটো ডায়েল কৰি ম’বাইলটো আগবঢ়াই দিয়ে । সেই সুযোগতে দুৰ্বৃত্তই যুৱতীগৰাকীক কাষতে থকা নলা এটালৈ গতা মাৰি দি মোবাইল ফোনটো লৈ পলায়ন কৰে । গুৱাহাটীৰ মাজমজিয়াত যুৱতীক এনেদৰে আক্ৰমণ কৰি দুৰ্বৃত্তই মোবাইল কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক :Child marriage case : প্ৰেমৰ চলনাৰে শিৱসাগৰৰ পৰা চৰিফুল ইছলামে পলুৱাই নিলে নাবালিকাক