অসম

assam

ৰঙিয়াত চোৰক খুঁটাত বান্ধি উত্তম-মাধ্যম

ETV Bharat / videos

Thief arrested: ৰঙিয়াত চোৰক খুঁটাত বান্ধি উত্তম-মধ্যম - ৰঙিয়াত চোৰক খুঁটাত বান্ধি উত্তম মাধ্যম

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:12 PM IST

ৰঙিয়া,১০ অক্টোবৰ:ৰঙিয়া নগৰৰ ভট্টপাৰাত গভাইত চোৰক উত্তম মধ্যম । বিদ্যুতৰ খুঁটাত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান গভাইত চোৰক । একাংশ লোকৰ উত্তম-মধ্যম গভাইত চোৰক । ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশা ৰঙিয়াৰ ভট্টপাৰাৰ নিবাসী কুমুদ কলিতাৰ ঘৰত চোৰে চলালে অভিযান । ঘৰৰ মূল্যবান সামগ্ৰী, ম'বাইল লৈ পলায়নৰ চেষ্টা চলাওতে ঘৰৰ গৰাকীয়ে উমান পালে চোৰৰ ।  

ঘৰৰ গৰাকীয়ে চোৰটোক কৰায়ত্ব কৰিবলৈ চেষ্টা চলাওতেই লাগিল কেনা । ঘৰৰ অট্টালিকাৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰোতেই ৰাইজৰ হাতত কৰায়ত্ব হয় চোৰ । ঘটনাৰ উমান পাই দলেবলে ৰাইজ ওলাই আহি উত্তম-মধ্যম সোধাই প'ষ্টত বান্ধি আৰক্ষীক খবৰ দিয়ে । ৰাইজৰ ৰোষত পৰা অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰটোক । পিছত আৰক্ষীয়ে ধৃত চোৰটোক আটক কৰি ৰঙিয়া থানালৈ লৈ যায় ।  

লগতে পঢ়ক:Accused arrested on rape charges: অৱশেষত গ্ৰেপ্তাৰ কিশোৰী ধৰ্ষণকাৰী

ABOUT THE AUTHOR

...view details