অসম

assam

ETV Bharat / videos

বাইক চুৰি কৰি আৰক্ষীৰ জালত গভাইত চোৰ - Nagaland Bhandari police station

By

Published : Jul 2, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

যোৰহাটৰ বৰহোলাত বাইক চোৰৰ সন্ত্ৰাস ৷ বাইক চুৰি কৰি আৰক্ষীৰ জালত গভাইত চোৰ (Bike thief arrested at Borhola) ৷ শনিবাৰে তিতাবৰৰ বেকাজানস্থিত তেতেলি তলৰ পৰা AS 03U 0728 বুলেট এখন চুৰি কৰি নাগালেণ্ডলৈ পলায়ন কৰাৰ অৱস্থাত বৰহোলা আৰক্ষীৰ খবৰ ভিত্তিত নাগালেণ্ড ভাণ্ডাৰী থানাই (Nagaland Bhandari police station)চন্দ্ৰ কছাৰী সহ চুৰি হোৱা মটৰ চাইকেলখন জব্দ কৰে ৷ ইয়াৰ পিছতে নাগালেণ্ড আৰক্ষীয়ে চন্দ্ৰ কছাৰী নামৰ গভাইত চোৰটোক বৰহোলা আৰক্ষীক চমজাই দিয়ে । বৰহোলা আৰক্ষীয়ে চন্দ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । চন্দ্ৰ কছাৰীৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বৰহোলা আৰক্ষীয়ে ৷ বিগত সময়ত চহৰখনৰ পৰা 60 খনৰো অধিক বাইক চুৰি হৈছিল ৷ এই চুৰি বাইকসমূহ অতি কৌশলেৰে চুবুৰীয়া নগালেণ্ডলৈ লৈ গৈ 20 পৰা 25 হাজাৰ টকাত বিক্ৰী কৰি দিয়ে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details