Crime in Nalbari: ই-ৰিক্সাত আহি ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত ছাদ্দাম - Thief arrested in Mukalmuwa
পহিলা মাঘৰ দিনাই নলবাৰীত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এটি চোৰ (Thief arrested in Mukalmuwa)। জিলাখনৰ মুকালমুৱাৰ তাপাট্টাৰীত ৰাইজে কৰায়ত্ত কৰা চোৰটোক পিছত গতাই দিয়ে আৰক্ষীক (Thief arrested at Mukalmuwa in Nalbari)। তাপাট্টাৰীত পথাৰত এৰাল দিয়া এটা ছাগলী কৌশলেৰে চুৰি কৰিব আহিছিল এটি চোৰৰ দল ।
এখন ই-ৰিক্সা লৈ চুৰি কৰিবলৈ আহিছিল যদিও চোৰৰ দিন বেয়া আছিল । ছাগলী এটা চুৰি কৰিব লওতে স্থানীয়লোকে প্ৰত্যক্ষ কৰি কৰায়ত্ত কৰে এটা চোৰক । সুযোগ বুজি ই-ৰিস্কাসহ দলটোৰ আনকেইটা চোৰে পলায়ন কৰে । ধৃত চোৰটোৰ নাম ছাদ্দাম হুছেইন । ছাগলী চোৰ ছাদ্দামক ৰাইজে আৱদ্ধ কৰি খবৰ দিয়ে মুকালমুৱা আৰক্ষীক । পিছত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ চোৰটোক গ্ৰেপ্তাৰ কৰে ।