Protest at Jorhat: স্বায়ত্ত শাসনৰ দাবীত যোৰহাটত তিনি সংগঠনৰ প্ৰতিবাদ - সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা
Published : Oct 4, 2023, 9:49 AM IST
যোৰহাট, 4 অক্টোবৰ :স্বায়ত্ত শাসনৰ দাবীত যোৰহাটত প্ৰতিবাদ ঠেঙাল কছাৰী যুৱ পৰিষদৰ ৷ মঙলবাৰে ঠেঙাল কছাৰী যুৱ পৰিষদে দুঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । ঠেঙাল কছাৰী যুৱ পৰিষদৰ লগতে প্ৰতিবাদত অংশ লয় সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ৷
প্ৰতিবাদকাৰী সংগঠনৰ নেতাসকলে কয় যে, স্বায়ত্ত শাসনৰ দাবী আমাৰ আজিৰ দাবী নহয় । এই দাবী আমাৰ দুকুৰিৰো অধিক বছৰৰ দাবী । যদিও 2005 চনত আমাৰ দাবীৰ প্ৰতি কিঞ্চিত মান সহাঁৰি জনাইছিল চৰকাৰে ৷ ফলস্বৰূপে স্বায়ত্ত শাসিত পৰিষদ দিছিল ৷ কিন্তু এই পৰিষদে আমাৰ অধিকাৰ, আমাৰ সুৰক্ষা, জাতি মাটিৰ অধিকাৰ প্ৰদানৰ পৰা সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ।
আনহাতে স্বায়ত্ত শাসনৰ দাবীত তিনি ভূমিপুত্ৰ জনগোষ্ঠীয় সংগঠনে মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷
লগতে পঢ়ক:Irregular power supply in Assam: ৰাজপথত জ্বলিল শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি