অসম

assam

মেৰাপানী চিকিৎসালয়ত জেনেৰেটৰৰ তাঁৰ কাটি বেটাৰী লৈ গ’ল চোৰে

By

Published : Jun 6, 2023, 9:38 PM IST

ETV Bharat / videos

Merapani theft incident: চিকিৎসালয়ৰ জেনেৰেটৰৰ বেটাৰী লৈ গ’ল চোৰে

মেৰাপানী, 6 জুন : গোলাঘাট জিলাৰ মেৰাপানীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ দপদপনি। এইবাৰ মেৰাপানী চিকিৎসালয়ত চোৰৰ উপদ্ৰৱ ৷ সোমবাৰে মেৰাপানী চিকিৎসালয়ত চুৰিকাণ্ড সংঘটিত হৈছে । সোমবাৰে নিশা চোৰে লুটিলে চিকিৎসালয়ৰ জেনেৰেটৰৰ বেটাৰী (theft incident at Merapani)। নিশাৰ আন্ধাৰৰ সুযোগ লৈ মেৰাপানী চিকিৎসালয়ৰ জেনেৰেটৰৰ ৱায়াৰ কাটি বেটাৰী লৈ যায় চোৰে ।  

মঙলবাৰে পুৱা চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীয়ে জেনেৰেটৰ চলাবলৈ গৈ প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। উল্লেখযোগ্য যে চিকিৎসালয়ৰ চৌহদৰ বেৰ চাপৰ আৰু জেনেৰেটৰ ৰখা ঠাইত কোনোধৰণৰ পোহৰৰ ব্যৱস্থা নথকাৰ বাবেই উক্ত ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ অধীক্ষক গৰাকীয়ে। ইফালে ঘটনা সন্দৰ্ভত মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে চিকিৎসালয়ৰ অধীক্ষক চন্দা শ্যামে।

লগতে পঢ়ক:Assam Arunachal border conflict: ভূমি কেন্দ্ৰীক সংঘাতত আহত দুজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details