অসম

assam

জোনাইত পুনৰ চুৰি

ETV Bharat / videos

Crime in Jonai: জোনাইৰ দুখন বিদ্যালয়ত চুৰিকাণ্ড

By

Published : Jun 12, 2023, 10:11 AM IST

জোনাই, ১২ জুন:ধেমাজি জিলাৰ জোনাইত পুনৰ চোৰৰ চাফাই অভিযান । জোনাইৰ বিভিন্ন ঠাইত কিছুদিন পূৰ্বে চোৰে উপদ্ৰৱ কৰাৰ পিছতে এইবাৰ পুনৰ চোৰে বিদ্যালয়ত চলালে চাফাই অভিযান । দুখনকৈ বিদ্যালয়ত শনিবাৰে নিশা চোৰে চলালে লুটপাত । জোনাইৰ কাৰ্পুনপুলি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰায়াং মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে নিশা চোৰে তলা ভাঙি লুটিলে বহুতো মূল্যৱান সামগ্ৰী।

ৰায়াং মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে শনিবাৰে নিশা তলা ভাঙি প্ৰৱেশ কৰি বিদ্যালয়খনত চৰকাৰে যোগান ধৰা তিনিটা বেটাৰী, পানী যোগান আঁচনিৰ মটৰৰ লগতে কেইবাটাও মূল্যৱান সামগ্ৰী লুটি নিয়ে । আনহাতে,কাৰ্পুনপুলি উচ্চ মাধ্যমিক বিদ্যালয়তো চোৰে প্ৰৱেশ কৰি লুটি নিলে চৰকাৰে যোগান ধৰা পানী যোগান আঁচনিৰ মটৰ । ইফালে, এনে দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিদ্য়ালয় ।

লগতে পঢ়ক:গুৱাহাটীত 'ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এডভান্সড ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জাৰী' উন্মোচন

ABOUT THE AUTHOR

...view details