অসম

assam

মা কালী মন্দিৰত চোৰৰ চাফাই অভিযান

ETV Bharat / videos

Theft in Silapathar: মা-কালী মন্দিৰত চোৰৰ চাফাই অভিযান - Dhemaji

By

Published : Jun 28, 2023, 5:51 PM IST

ধেমাজি,28 জুন:এইবাৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ চাফাই অভিযান ৷ 48 ঘন্টাৰ ভিতৰত দুটাকৈ মন্দিৰত চোৰে চলালে চাফাই অভিযান ৷ আজি নিশা প্ৰায় ১ বাজি ৪৫ মিনিটত চোৰে চিলাপথাৰৰ ইতিহাস প্ৰসিদ্ধ চিলাপথাৰ সাৰ্বজনীন কালী মন্দিৰত দুই চোৰে প্ৰৱেশ কৰি আ-অলংকাৰসহ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি লুটি লৈ যায় ।

ইফালে চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্ধি হৈছে CCTV ত । চিলাপথাৰ পৌৰসভাৰ নিচেই সমীপতে থকা মন্দিৰত চুৰিকাৰ্যক লৈ চাঞ্চল্য সৃষ্টি হৈছে ৷ চিলাপথাৰৰ সৰ্বাধিক ব্যস্ত পথৰ কাষতে চিলাপথাৰ কালী মন্দিৰ ৷ এই মন্দিৰৰ কাষতেই আছে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয় । নিশা হ’লে আৰক্ষীৰ কোনো পহৰা ব্যৱস্থা নথকাৰ বাবেই এনে চুৰিকাৰ্য সংঘটিত হৈছে বুলি ৰাইজে সন্দেহ কৰিছে ।

উল্লেখ্য অলপতে চিলাপথাৰ অমৃতপুৰ কালী মন্দিৰতো চুৰি কাৰ্য সংঘটিত হৈছিল ৷ মাত্ৰ ৪৮ ঘন্টাৰ পাছতে পুনৰ সাৰ্বজনীন কালী মন্দিৰত হৈছে চুৰি কাণ্ড । ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক:Eid al Adha 2023:ঈদৰ পূৰ্বে উত্তপ্ত বঙালমৰা

ABOUT THE AUTHOR

...view details