Crime in Nalbari: পশ্চিম নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ডৰ ঘটনা
নলবাৰী, ৫ জুন:নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা । ২ জুনত চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিশাৰ ভাগত প্ৰৱেশ কৰি চোৰে সংঘটিত কৰে চুৰিকাণ্ড ৷ কাৰ্যালয়ত চোৰে প্ৰৱেশ কৰি লুটি থকাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চক্ৰ বিষয়া কাৰ্যালয়ৰ CCTV ত (Theft in Pachim Nalbari Revenue Circle Office) ৷
ঘটনাৰ পিছতে চামতা পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই সমগ্ৰ ঘটনাৰ লগত জড়িত লুতপুট আৰু বৰাল নামৰ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় ( Pachim Nalbari Revenue Circle Office in Nalbari) ৷
ইতিমধ্যে চোৰ দুটাক আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ কাৰ্যালয়টোৰ পৰা চোৰে কি কি সামগ্ৰী চুৰি কৰিছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ তদন্তৰ পিছতহে সকলো জানিব পৰা যাব । সম্প্ৰতি চৰকাৰী কাৰ্যালয়ত এনেদৰে চোৰে মৰসাহ দেখুওৱা কাৰ্যত হতভম্ব হৈ পৰিছে চামতা বাসী (Crime in Nalbari) ৷
লগতে পঢ়ক:World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন
TAGGED:
Crime in Nalbari