Theft in jewelry: ওদালগুৰি সদৰ আৰক্ষী থানাৰ সমীপতেই চোৰে চলালে অভিযান - Theft in Udalguri town
ওদালগুৰি, ১১ জুন: ওদালগুৰিত চোৰৰ চাফাই অভিযান (Theft in Udalguri town)। যোৱা শনিবাৰে নিশা ওদালগুৰি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ দূৰত সংঘটিত হৈছে এই চুৰিকাণ্ড । ওদালগুৰিৰ ৰামজানকী চ'কত থকা MKJ জুৱেলাৰী নামৰ গহণাৰ দোকানখনত নিশা চোৰে চাফাই অভিযান চলায় (Theft in Ramjanuki Chowk of Udalguri)।
গহণাৰ দোকানখনত থকা লকাৰ লৈ উধাও হয় চোৰ । চোৰে ৬০০ গ্ৰাম সোণ চুৰি কৰে বুলি উল্লেখ কৰিছে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী সঞ্জয় চৰকাৰে । পুৱাই ওদালগুৰিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰে (Crime news of Udalguri) ।