অসম

assam

আটক ধুনীয়া অধিক চিট কেপাচিটিৰে প্ৰাণ পায় উটিব নেহেৰু

ETV Bharat / videos

CM Himanta Visits Nehru Stadium: অধিক আসন ক্ষমতাৰে আটক ধুনীয়া হ’ব নেহেৰু ষ্টেডিয়াম - ন ৰূপ পাব ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়ামে

By

Published : Aug 7, 2023, 1:00 PM IST

গুৱাহাটী,7 আগষ্ট:নতুন ৰূপত জিলিকি উঠিব ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম । নেহৰু ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ হ’ব লগীয়া প্ৰকল্প কেনেধৰণৰ হ’ব তাৰ বুজ ল’বলৈ সোমবাৰে পুৱাই নেহেৰু ষ্টেডিয়ামত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ লগতে মুখ্যন্ত্ৰীয়ে পৰিদৰ্শন কৰে ষ্টেডিয়ামখন । ষ্টেডিয়ামৰ খেলপথাৰ লগতে ষ্টেডিয়ামৰ কাষত থকা পথবোৰ পৰিদৰ্শন কৰে । ষ্টেডিয়ামখন সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰাৰ বাবে প্ৰথমে নক্সা তৈয়াৰ হ’ব । তাৰ পিচতে বাজেট প্ৰস্তুত কৰি নিবিদাৰ জৰিয়তে কাম আৰম্ভ হ’ব । 

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ লগতে যোৰহাটৰ ষ্টেডিয়ামখনো নতুন ৰূপত গঢ় দিব ৰাজ্য চৰকাৰে । ৫০ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পৰা সুবিধা থাকিব নতুন নেহেৰু ষ্টেডিয়ামত । নেহৰু ষ্টেডিয়াম খন অসমৰ গুৱাহাটী চহৰৰ এখন বহুমুখী পুৰণি ষ্টেডিয়াম । ১৯৬২ চনত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ১৫ হাজাৰ দৰ্শকৰ ক্ষমতা আছিল । সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই তদাৰক কৰি নিৰ্মাণ কৰিছিল নেহৰু ষ্টেডিয়াম । সম্প্ৰতি এই ষ্টেডিয়ামখন অসম চৰকাৰৰ ক্ৰীড়া ব’ৰ্ডৰ পৰিচালনাৰ দায়িত্বত আছে । 

লগতে পঢ়ক:Polygamy in Assam: চলিত বিত্তীয় বৰ্ষতে আহিব বহুবিবাহ ৰোধৰ আইন; মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details