অসম

assam

Constituency delimitation: সমষ্টি পুনঃনিৰ্ধাৰণে কেৱল বিজেপিৰ ৰাজনৈতিক স্বাৰ্থহে সুৰক্ষিত কৰিব: লুৰীণজ্যোতি গগৈ

By

Published : Mar 27, 2023, 9:28 PM IST

সমষ্টি পুনঃনিৰ্ধাৰণে কেৱল বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিব: লুৰীণজ্যোতি গগৈ

গুৱাহাটী, 27 মাৰ্চ: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ সোমবাৰে ৰাজ্যৰ 10 টা ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হ’ল নিৰ্বাচন আয়োগ ৷ বৈঠকত 2024 চনত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিৰোধিতা কৰে এ আই ইউ ডি এফ, চি পি আই (এম), চি পি আই , ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে (Delimitation of constituency) ৷  

বৈঠকত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘আৰ পি শৰ্মাৰ এটা গোচৰৰ ভিত্তিত আদালতে 2007 চনত অসমত সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিছিল ৷ যি পৰিস্থিতিত আদালতে অসমত সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিছিল সেই পৰিস্থিতি এতিয়াও সলনি হোৱা নাই ৷ এনআৰচিৰ উন্নীতকৰণৰ কাম এতিয়াও হোৱা নাই (AJP on constituency delimitation) ৷’’  

লগতে তেওঁ কয়, ‘‘2024 চনত সমষ্টি পুনঃনিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত নকৰে ৷ বিজেপি চৰকাৰে‌ কৈছে 2024 চনত সমষ্টি পুনঃনিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব ৷ কিন্তু সামগ্ৰিকভাৱে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিতহে কৰিব ৷’’ কেৱল শাসকীয় দলৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰা আৰু ভোট বেংক সুৰক্ষিত কৰাৰ‌ স্বাৰ্থতহে সমষ্টি পুনঃনিৰ্ধাৰণ হ’ব বুলি মন্তব্য লুৰীণজ্যোতি গগৈৰ (Assam constituency delimitation) ৷ 

লগতে পঢ়ক:Delimitation of constituencies: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগৰ বৈঠক বয়কট কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details