অসম

assam

অসম এথলেটিকছ সন্থাৰ সম্বৰ্ধনা মেহদি হাছানক

ETV Bharat / videos

Assam Athletics Association : অসম এথলেটিকছ সন্থাৰ সম্বৰ্ধনা মেহদি হাছানক - ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা

By

Published : Jun 12, 2023, 2:16 PM IST

গুৱাহাটী, 12 জুন :20 বছৰ অনুৰ্ধ্বৰ এছিয়ান জুনিয়ৰ এথলেটিকছত অসমৰ মেহদি হাছানে লাভ কৰে ব্ৰঞ্জৰ পদক । সোমবাৰে বশিষ্ঠৰ হোটেল গ্ৰীণউডত অসম এথলেটিকছ সন্থাই এক অনুষ্ঠানৰ আয়োজন কৰি মেহদি হাছানক সম্বৰ্ধনা জনায় । সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্রী নন্দিতা গালোৰ্চা, এছ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, সম্পাদক অশোক ভঁৰালী তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা আৰু এথলেটিকছৰ প্ৰশিক্ষক নিপন দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । 

20 বছৰ অনুৰ্ধৰ এছিয়ান জুনিয়ৰ এথলেটিকছত অসমৰ মেহদি হাছানে 1500 মিটাৰ দৌৰত অৰ্জন কৰিছে এই সাফল্য ।  4 ৰ পৰা 7 জুনলৈ দক্ষিণ কোৰিয়াৰ য়েচিয়েনত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা । চূড়ান্ত খেলত অসমৰ হাছানে দৌৰ সম্পন্ন কৰিছিল 3 মিনিট 56.02 ছেকেণ্ডত । ইফালে এই সম্বৰ্ধনা সভাতেই সৰুসজাই ষ্টেডিয়ামৰ এথলেটিকছৰ প্ৰশিক্ষক নিপন দাসে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সন্মুখতেই মূল ৰানিং ট্ৰেকটোৰ জৰাজীৰ্ণ অৱস্থাৰ কথা অৱগত কৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় যদিও ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই ক্ৰীড়াক বাদ দি অন্য কোনো মন্তব্য দিয়াৰ পৰা বিৰত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

ABOUT THE AUTHOR

...view details