অসম

assam

তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 2:35 PM IST

ETV Bharat / videos

Congress protest against BJP Govt : বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

তেজপুৰ, ৫ অক্টোবৰ : বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হ’ল তেজপুৰ চহৰ ৷ কিয়নো ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল ৷ বিদ্যুৎ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত তেজপুৰত জিলা কংগ্ৰেছে ব্যতিক্ৰমী ৰূপত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে বিজেপি দলৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী কংগ্ৰেছে ৷

অসম চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা বিদ্যুৎ বিভাগৰ নিৰ্দেশনাৰ প্ৰতিলিপিক পঞ্চায়ত আৰু চহৰ অঞ্চলত দাহ কৰি কংগ্ৰেছৰ সদস্যই সেই জুইত শপত ল’ব বুলি ১ অক্টোবৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেজপুৰত এক সংবাদমেলযোগে ঘোষণা কৰিছিল ৷ তাৰে অংশ স্বৰূপে জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীৰ নেতৃত্বত বিদ্যুৎ বিভাগৰ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত ৰাজ্য চৰকাৰৰ বিদ্যুৎ নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰে ।

কংগ্ৰেছ দলে অসমত শাসনলৈ আহিলে ২০০ ইউনিট বিদ্যুৎ ফ্ৰি কৰি দিব । ইতিমধ্যে কংগ্ৰেছে কৰ্ণাটকত প্ৰতিঘৰ লোকক ২০০ ইউনিট বিদ্যুৎ ফ্ৰি দিয়া বুলি ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে। অসমত ডবল ইঞ্জিন চৰকাৰৰ দিনত বিদ্যুতৰ মাচুল ত্ৰিপুল হৈছে, কিন্তু কৰ্ণাটকত চিংগল ইঞ্জিন চৰকাৰে ২০০ ইউনিট বিজুলী বিনামূলীয়া কৰি দিছে বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :CBI interrogates Runa Neog : CBI ৰ জেৰাৰ সন্মুখীন লখিমপুৰ জিলাৰ তদানীন্তন ASP ৰুণা নেওগ

ABOUT THE AUTHOR

...view details