Textile procurement centre: বাক্সাৰ মুছলপুৰত থলুৱা শিপিনীৰ বস্ত্ৰ ক্ৰয় কেন্দ্ৰ উদ্বোধন - Swanirbhar Nari
বাক্সাৰ মুছলপুৰত বস্ত্ৰ ক্ৰয় কেন্দ্ৰ উদ্বোধন(Textile procurement center in Baksa) ৷ শুকুৰবাৰে কেন্দ্ৰটো উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে(BTR EM Ghanasyam Das) ৷ ‘স্বনিৰ্ভৰ নাৰী’(Swanirbhar Nari) আঁচনিৰ অধীনত থলুৱা শিপিনীৰ বস্ত্ৰ ক্ৰয়ৰ বাবে মুকলি কৰা হৈছে এই কেন্দ্ৰটো ৷
শুকুৰবাৰৰ পৰা অনাগত 15 দিনলৈ মুকলি থাকিব বস্ত্ৰ ক্ৰয় কেন্দ্ৰটো ৷ বস্ত্ৰ ক্ৰয় কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত শুকুৰবাবে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে চৰকাৰীভাৱে থলুৱা শিপিনীৰ বস্ত্ৰ ক্ৰয় প্ৰক্ৰিয়া ৷