অসম

assam

চাকৰি নিয়মীয়াকৰণ বেতন সুৰক্ষা দাবীৰে টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

ETV Bharat / videos

চাকৰি নিয়মীয়াকৰণ, বেতন সুৰক্ষা দাবীৰে টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ - যোৰহাটত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:47 AM IST

যোৰহাট,23 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে যোৰহাট আৰু দেৰগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷ বুধবাৰে যোৰহাট আৰু দেৰগাঁৱৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বেতন সুৰক্ষা, বিনা চৰ্তে চাকৰি নিয়মীকৰণ, নতুন আইন নামানো আদি শ্লোগানেৰে শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে পৰিবেশ উত্তপ্ত কৰি তোলে ৷ এই ক্ষেত্ৰত প্ৰতিবাদকাৰী শিক্ষকসকলে কয়, ‘‘ আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক ৷ আকৌ নতুন নিয়ম প্ৰয়োগ কৰি চৰকাৰে আমাৰ বেতন কৰ্তন কৰিব নোৱাৰিব ৷ আমি বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছো ৷ চৰকাৰে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰিব লগা হৈছে ৷’’

আনহাতে শিক্ষা বিভাগে তেওঁলোকৰ দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত ৰাজপথত আন্দোলনৰ হুংকাৰ দিয়ে টেট উত্তীৰ্ণ শিক্ষকসকলে ।

লগতে পঢ়ক:অসমৰ বিজেপি চৰকাৰখন দেউলীয়া: যোৰহাটবাসীৰ ক্ষোভ

ABOUT THE AUTHOR

...view details