অসম

assam

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

ETV Bharat / videos

Terror of Wild Elephant: ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ, নিশা হাতীয়ে ভাঙিলে 10 টাকৈ বাসগৃহ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:25 PM IST

ৰঙাপৰা, 9 অক্টোবৰ :শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে ৰঙাপৰাত দেওবাৰে নিশা 10 টা পৰিয়ালৰ বাসগৃহ ভাঙি পেলাই ৷ ইফালে বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হ’ল ৰঙাপৰাৰ জামুনিবিলৰ ৰিতামনি ইন্দুৱাৰ নামৰ এগৰাকী মহিলা ৷

খাদ্যৰ সন্ধানত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ৰঙাপৰাৰ জামুনিবিল গাঁৱত আতংকৰ সৃষ্টি কৰে ৷ ফলত ৰাম প্ৰজা, জৰাসৰ শুকান বিলৰ নিৱাসী লৰেন সোৰেনৰ তিনিটা বাসগৃহ, টিণ্টুজ ভেংৰাৰ, কানাই হৰ, চুমি কান্দুলনা আৰু দয়াল চুৰিণৰ বাসগৃহটি ভাঙি পেলায় বনৰীয়া হাতীয়ে ৷ 

উল্লেখ্য যে বিগত প্ৰায় 15 দিনৰ পূৰ্বে জামুনিবিলৰ চমৰা টুটীৰ নামৰ লোকজন বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছিল ৷ পুনৰ দেওবাৰে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা ৷ ইফালে ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৰোধৰ ক্ষেত্ৰত বনবিভাগে বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক:Workers rescued from Arunachal : অৰুণাচলত অসমৰ শ্ৰমিকৰ সন্তানক হত্যাৰ অভিযোগ; পাঁচ শ্ৰমিকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details