অসম

assam

বনৰীয়া ম’হে খাই তহিলং কৰিছে বিঘাই বিঘাই ৰবি শস‍্য

ETV Bharat / videos

ডিব্ৰুগড় কলাখোৱাৰ বাঁহবাৰীত বনৰীয়া ম’হে খাই তহিলং কৰিছে বিঘাই বিঘাই ৰবি শস‍্য - Terror of Wild Buffaloes

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:35 AM IST

ডিব্ৰুগড়, 2 ডিচেম্বৰ :শূঁৰ-পোক, বন্যহস্তীৰ পাচত এইবাৰ বনৰীয়া ম’হে উপদ্ৰৱ চলাইছেডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া ম’হৰ জাকে ডিব্ৰুগড়ৰ কলাখোৱাৰ বাঁহবাৰী গাঁৱত উপদ্ৰৱ চলাইছে ৷ বনৰীয়া ম’হৰ জাকটোৱে খাই তহিলং কৰিছে বিঘাই বিঘাই ৰবি শস‍্য । উল্লেখ্য যে, বিগত 15 দিন ধৰি বনৰীয়া ম’হৰ জাকটোৱে অঞ্চলটোত বিঘাই বিঘাই ৰবি শস‍্য নষ্ট কৰিছে ।

ইফালে ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগক এই বিষয়ে অৱগত কৰিছে যদিও ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ 15 দিনে সময় নহ'ল বন বিভাগৰ । কৃষিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজে বনৰীয়া ম’হৰ উপদ্ৰৱৰ বাবে এতিয়া উজাগৰী নিশা কটাব লগীয়া হৈছে কৃষকসকলে । বনৰীয়া ম’হৰ পৰা ৰবি শস‍্যবোৰ ৰক্ষাৰ বাবে নিশা হ’লে ৰাইজে একগোট হৈ পহৰা দিব লগা হৈছে । সেয়ে ভুক্তভোগী কৃষকসকলে বনৰীয়া ম’হৰ জাকটোক নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগক আহ্বান জনাইছে  ।

লগতে পঢ়ক :বুঢ়ীদিহিং চাপৰিত কৃষকৰ সৈতে কোমল চাউল, জহা চাউলৰ ভাত, ৰবাবটেঙাৰ জুতি ল’লে মন্ত্ৰী অশোক সিংহলে

ABOUT THE AUTHOR

...view details