অসম

assam

ধেমাজিত অলৌকিক শক্তিৰ ত্ৰাস

ETV Bharat / videos

Ghost terror: ধেমাজিত অলৌকিক শক্তিৰ ত্ৰাস

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:21 PM IST

ধেমাজি,৪ অক্টোবৰ:ৰাজ্যত সঘনে সংঘটিত হ'বলৈ ধৰিছে নাভূত-নাশ্ৰুত ঘটনা । বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম উন্নতিৰ পাছতো সময়ে সময়ে বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে কেতবোৰ অলৌকিক ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান ধেমাজিৰ জীয়াঢল চাৰিআলিৰ কাৰ্পুংপুলি গাঁও । গাঁওখনৰ অজিত পেগুৰ ঘৰত এসপ্তাহ ধৰি সংঘটিত হৈ আহিছে এক আচৰিত ঘটনা ৷ পৰিয়ালটোৱে জনোৱা অনুসৰি দিনৰ ভাগতে বিয়লি ১/২ বজাৰ পৰা ঘৰৰ চালৰ ওপৰত প্ৰচণ্ড শব্দ আৰম্ভ হয়  ৷  

কিন্তু একো দেখা নাপায় । ইফালে ঘৰৰ চালৰ পৰা সৰি পৰে বৈদ্যুতিক তাঁৰৰ সৰু সৰু টুকুৰা ৷ মন কৰিবলগীয়া যে ঘৰত আন কোনো ব্যক্তিৰ উপস্থিতিত নকৰে এই শব্দ ৷ এসপ্তাহ ধৰি হৈ থকা এই শব্দৰ উৎস বিচাৰি উৱাদিহ নোপোৱা হৈছে পৰিয়ালটোৱে ৷ সেয়ে আতংকিত হৈ পৰা পৰিয়ালটোৱে শেহতীয়াকৈ জনগোষ্ঠীয় নীতি-নিয়মৰ আশ্ৰয় লোৱা চিন্তা কৰিছে ৷  

লগতে পঢ়ক:MLA Bhaskar Baruah in controversy: বিধায়ক ভাস্কৰ বৰুৱালৈ APCC ৰ কাৰণ দৰ্শোৱাৰ জাননী

ABOUT THE AUTHOR

...view details