Leopard Terror in Jorhat: যোৰহাটৰ ওপৰ গৰুমৰাত নাহৰফুটুকীৰ সন্ত্ৰাস; এজন আঘাতপ্ৰাপ্ত - নাহৰফুটুকীৰ সন্ত্ৰীস
যোৰহাট, 13 জুলাই:যোৰহাটৰ উপকণ্ঠ গৰুমৰা অঞ্চলত অব্যাহত আছে নাহৰফুটুকীৰ সন্ত্ৰাস ৷ দীৰ্ঘদিন ধৰি গৰুমৰা, ওপৰ গৰুমৰা অঞ্চলত অব্যাহত আছে নাহৰফুটুকীৰ সন্ত্ৰাস ৷ নাহৰফুটুকীৰ আক্ৰমণত ইতিমধ্যেই নিহত হৈছে 10 ৰ পৰা 15 টাকৈ পশুধন ৷ বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা নাহৰফুটুকী বাঘে বুঙবাৰে সন্ধিয়া আক্ৰমণ কৰে এজন লোকক ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে সন্ধিয়া নাহৰফুটুকীৰ আক্ৰমণত আহত হয় ওপৰ গৰুমৰা গাঁৱৰ নিবাসী নন্দেশ্বৰ বৰাৰ পুত্ৰ যতীন বৰা ৷
নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোক জনক গাঁওবাসীৰ তৎপৰতাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ আনহাতে গাঁওবাসী ৰাইজে অভিযোগ কৰা অনুসৰি বিগত 10\15 দিন ধৰি সমগ্ৰ অঞ্চলত বাঘৰ উপদ্ৰৱ অব্যাহত আছে ৷
ইফালে যোৰহাট বন বিভাগক খবৰ দিয়াৰ পাছতো তেওঁলোকে মাত্ৰ পিঞ্জৰা পাতিয়ে দায়িত্ব সামৰিছে বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে ৷ গাঁওবাসীয়ে জনোৱা মতে এই অঞ্চলটোত 3ৰ পৰা 4 টাকৈ বাঘে মুক্ত বিচৰণ কৰি আছে ৷ ফলত অঞ্চলটোৰ ৰাইজে নাহৰফুটুকীৰ সন্ত্ৰাসৰ বাবে উজাগৰী দিন কটাব লগীয়া হৈছে ৷ সেয়ে বিভাগীয় কতৃপক্ষক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়ক:Wild Elephant Attacks Car: চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণ; নিহত এক, আহত তিনিজন