অসম

assam

ৰঙিয়াত উৰণ সেঁতুৰ নির্মাণৰ দাবী

ETV Bharat / videos

ৰঙিয়াত উৰণ সেতু নির্মাণ নোহোৱাত ভয়ংকৰ যানজঁট, ক্ষোভিত ৰাইজ

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:05 PM IST

Updated : Dec 12, 2023, 2:58 PM IST

ৰঙিয়া, ১২ ডিচেম্বৰ : ভয়ংকৰ যানজঁটৰ গ্ৰাসত ৰঙিয়া নগৰ । আজিলৈ ৰঙিয়া তিনিআলিত উৰণ সেতুৰ নির্মাণ নোহোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য় যে অসম চৰকাৰৰ বাজেট অধিবেশনত ৰঙিয়াৰ তিনিআলিৰ উৰণ সেতু নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল । ভূমি পৰীক্ষণৰ পিছতো একাংশৰ বিৰোধিতাৰ বাবে উৰণ সেতু নির্মাণত বাধাৰ সৃষ্টি হয় ।  

ৰাজ্য়ৰ একাংশ মন্ত্ৰী-বিধায়কে নামানে ট্ৰেফিক আইন । ফলত এম্বুলেন্স, স্কুল বাছ আবদ্ধ হৈ থাকে ৰঙিয়া-ভূটান ৰোডত । ৰঙিয়া তিনিআলিৰ ৰে'ল ক্ৰ'ছিঙৰ ওপৰেৰে কেতিয়া উৰণ সেতু নিৰ্মাণ হ'ব তাক লৈ ৰাইজৰ মাজত চৰ্চা চলিছে । উল্লেখ্য় যে চাৰি বছৰ পূৰ্বে ভূমি পৰীক্ষণ সম্পন্ন হৈছিল ৰঙিয়াত । ৰঙিয়া, তামুলপুৰৰ লগতে প্ৰতিৱেশী ৰাষ্ট্ৰ ভূটানৰ লোকসকলে বছৰ বছৰ ধৰি ৰঙিয়াৰ তিনিআলিত অৱস্থিত ৰে'ল গেটৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে ।  

আন্তঃৰাষ্ট্ৰীয় পথটোৰ সোমাজেৰে ৰঙিয়া-মূৰ্কংচেলেকলৈ যোৱা ৰে'ল পথটোৰে সঘনে ৰে'ল যাতায়ত কৰাত সৰ্বসাধাৰণ ৰাইজৰ যাত্ৰা বিঘ্নিত হৈ আহিছে । বিভিন্ন সময়ত ৰে'ল গেট পৰি থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিশেষকৈ চিকিৎসাজনিত কাৰণত অহা ৰোগীৰ এম্বুলেন্সতে মৃত্যু হোৱাৰো নজিৰ আছে ।  

যানজঁটৰ মাজতে ৰে'ল গেট থকাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে । নানা সমস্যাৰে ভাৰাক্ৰান্ত ৰে'ল গেটৰ উপৰত উৰণ সেতু নিৰ্মাণৰ বিৰোধিতাৰে একাংশ মুষ্টিমেয় লোকে বিভিন্ন সময়ত বাধা আৰোপ কৰি অহাৰ বিপৰীতে বৃহত্তৰ স্বাৰ্থত ৰঙিয়াত ৰাজনৈতিক-অৰাজনৈতিক দল, সংগঠন নিৰ্বিশেষে সকলোৱে ৰঙিয়া ৰে'লৱে লেভেল ক্ৰ'ছিঙত উৰণ সেতু নিৰ্মাণৰ দাবী জনাইছে ।

লগতে পঢ়ক:যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গুণ্ডাগিৰি, CCTV ত আবদ্ধ মাৰপিটৰ দৃশ্য

Last Updated : Dec 12, 2023, 2:58 PM IST

ABOUT THE AUTHOR

...view details