অসম

assam

ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat / videos

Kahilipara road accident:মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা - মুখামুখি সংঘৰ্ষ

By

Published : Jun 26, 2023, 6:05 PM IST

গুৱাহাটী, ২৬ জুন :মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে । চিটি বাছ আৰু মাৰুতি এ ষ্টাৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো । গুৰুতৰভাৱে আহত কেইবাজনকো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । লগতে কিছু পৰিমাণে আহতসকলক লালগণেশস্থিত হায়াট হাস্পতালত ভৰ্তি কৰা হৈছে ৷

জানিব পৰা মতে AS 01 HC 6049 নম্বৰৰ এখন বৰযাত্ৰীৰ বাছ টিভি টাৱাৰৰ ৰাস্তাৰে আহি কাহিলিপাৰাৰ ৰাস্তাত নামিবলৈ লৈছিল । তেনে সময়তে গণেশগুৰিৰ ফালৰ পৰা আহি থকা AS 01 AZ 2102 নম্বৰৰ মাৰুতি A Star বাহনখনক নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে মুখামুখিকৈ খুন্দা মাৰে । ফলত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো । দুৰ্ঘটনাৰ পিচতে সমগ্ৰ কাহিলিপাৰা পথছোৱাত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ।

লগতে পঢ়ক :Himachal floods : হিমাচলৰ বানত নিহত ৬; ভূমিস্খলনৰ ফলত ঘাইপথত আবদ্ধ শতাধিক লোক

ABOUT THE AUTHOR

...view details