Sivasagar Teracotta workshop: টেৰাকোটাৰ প্ৰশিক্ষণকলৈ আগ্ৰহী যুৱক-যুৱতী - বৰ্ণকুটীৰ শিল্প গ্ৰাম
শিৱসাগৰ, 12 এপ্ৰিল : শিৱসাগৰ জিলাৰ সমীপৰ বেতবাৰী কোৱামৰা সন্দিকৈ গাঁৱৰ বৰ্ণকুটীৰ শিল্প গ্ৰামত ৮ এপ্ৰিলৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছিল টেৰাকোটাৰ প্ৰশিক্ষণ ৷ এই প্ৰশিক্ষণৰ কালি সামৰণি পৰে । ধুবুৰী জিলাৰ আশাৰিকান্দিৰ বিখ্যাত পোৰা মাটিৰ শিল্পী দেৱদাস পালে এই কৰ্মশালাখনি পৰিচালনা কৰে ৷ শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা দুকুৰিৰো অধিক নৱ প্ৰজন্মৰ কণমানি আৰু যুৱক-যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে (Sivasagar Teracotta workshop) ।
এই কৰ্মশালাত পৰম্পৰাগত ভাৱে নিৰ্মাণ কৰি অহা হাতীমা পুতলা, চাকি দানি, গছা,পংখী ৰাজ নাও, কানাই ডিঙা আদিকে ধৰি ভালেমান পুতলা আৰু অন্যান্য সামগ্ৰী কি দৰে তৈয়াৰ কৰিব পাৰি সেই সন্দৰ্ভত প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰা হয় (Teracotta workshop) ।
উল্লেখযোগ্য যে, বৰ্ণকুটীৰ শিল্প গ্ৰামৰ জৰিয়তে শিল্পী সুজিত বৰুৱাই দীর্ঘ দিন ধৰি মুখা শিল্পৰ প্ৰসাৰ, প্ৰচাৰ আৰু প্ৰশিক্ষণৰ দিশত নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে । শিল্পী বৰুৱাই ধুবুৰীৰ বিখ্যাত পোৰা মাটিৰ শিল্প নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ লক্ষ্যৰে বৰ্ণকুটীৰৰ জৰিয়তে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক :World third tallest man: মৰিগাঁৱত বিশ্বৰ তৃতীয়গৰাকী ওখ ব্যক্তি