Teok sluice gate built unscientifically:হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বছৰ বছৰ ধৰি চন পৰি ৰৈছে দুখনকৈ শ্লুইচ গেটৰ বাবে
টীয়ক, 19 জুলাই :এতিয়া শাওণৰ বতৰ । ৰাজ্যৰ কৃষকসকল পথাৰত ব্যস্ত হৈ পৰিছে মাটি চহোৱাত । কিন্তু ১০২নং টীয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখ হাতীমৰা অঞ্চলৰ কৃষক সকলে প্ৰায় ৭/৮ বছৰৰ পৰা হাজাৰ হাজাৰ হেক্টৰ কৃষি পথাৰত ধান খেতি কৰিব পৰা নাই । কাৰণ কিয় জানেনে ? ৰাজ্যৰ জলসম্পদ বিভাগে নিৰ্মাণ কৰা দুখনকৈ শ্লুইচ গেটৰ বাবে ।
শ্লুইচ গেট দুখন নিৰ্মাণ কৰা হৈছিল কৃষিভূমিত জমা হোৱা অতিৰিক্ত পানী সমূহ নিষ্কাষণ কৰিবৰ বাবে কিন্তু গেট দুখন এতিয়া হিতে বিপৰীত হৈ পৰিল হাতীমৰা অঞ্চলৰ কৃষকসকলৰ বাবে । ৰাজ্যৰ জলসম্পদ বিভাগে ভুলকৈ অৰ্থাৎ অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা শ্লুইচ গেট দুখন এতিয়া বিপদ হৈ থিয় দিছে কৃষকসকলৰ সন্মুখত । শ্লুইচ গেট দুখন সম্পদ নহৈ বিপদহে হৈ পৰিছে ৰাইজৰ বাবে ৷
শ্লুইচ গেট দুখনেৰে কৃষিভূমিৰ অতিৰিক্ত পানীসমূহ ওলাই যোৱাৰ সলনি উভতনি মাৰে যাৰ ফলত হাতীমৰা অঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বছৰ বছৰ ধৰি চন পৰি ৰৈছে । উল্লেখ্য যে, এই সমস্যা তথা গেট নিৰ্মাণৰ বিজুতিৰ ওপৰত বিগত সময়চোৱাত ৰাইজে বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ দি আহিছে যদিও এই পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । সেয়ে পুনৰ স্থানীয় ৰাইজে শ্লুইচ গেট দুখন বিজ্ঞান সন্মতভাৱে পুনৰ নিৰ্মাণ কৰি কৃষিভূমি খেতিৰ বাবে উপযোগী কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ।
লগতে পঢ়ক :Mariani erosion news:মৰিয়নীত পূৰ্বে গঞাই দেখা নাই এনেদৰে মাটি খহা !