অসম

assam

By

Published : Jan 13, 2023, 4:59 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Bhogali Mela 2023 at Teok: টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰাংগণত শিক্ষাৰ্থীসকলৰ ভোগালী মেলাৰ আয়োজন

অসমৰ জাতীয় আন্দোলনত প্ৰতিষ্ঠাকালৰে পৰা শৈক্ষিক-সাংস্কৃতিক দিশত অসম জাতীয় বিদ্যালয়ে বিশেষ অৱদান আগবঢ়াই আহিছে(Teok Jatiya Vidyalaya) । বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰীসকলক লৈ কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ব্যতিক্ৰম নহয় এইবাৰো । কাইলৈ ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা আৰু বিদ্যালয় আজিৰে পৰা বন্ধ থাকিব ৷ সেয়ে আজি বিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, অভিভাৱক তথা স্থানীয় কেইবা আত্মসহায়ক গোটৰ সহযোগত এখনি ভোগালী মেলা আয়োজন কৰা হয়(Bhogali Mela at Teok) ।

এই ব্যতিক্ৰমী ভোগালী মেলাখন উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ মুখ্য প্ৰৱন্ধক দীপজ্যোতি কলিতাই । উক্ত উদ্বোধনী অনুষ্ঠানত টীয়ক জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়া, সচিব সৌৰভ বৰাকে প্ৰমুখ্য কৰি স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । অসমীয়া চহা কৃষক সমাজৰ পৰা ক্ৰমাত হেৰাই যাবলৈ উপক্ৰম হোৱা বিভিন্ন থলুৱা পিঠা-পনা, জলপান, চুঙা পিঠা, চুঙা দৈ আদি প্ৰস্তুত কৰি উক্ত মেলাত প্ৰদৰ্শন ও বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে(Bhogali Mela 2023) ।

লগতে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলেও পঢ়াৰ সমান্তৰালকৈ নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, মালপুৰা আদি কৰি বিভিন্ন সুস্বাদু পৰম্পৰাগত খাদ্যৰ সম্ভাৰ প্ৰস্তুত কৰি উলিয়াই ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত তথা চিনাকী কৰোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে । টীয়ক জাতীয় বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তথা বিদ্যালয়ৰ লগত স্থানীয় ৰাইজৰ যোগসূত্ৰ ৰক্ষাৰ স্বাৰ্থত মাঘ বিহুৰ এই প্ৰাকক্ষণত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সকলোৱে আদৰণি জনাইছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details