অসম

assam

শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী

ETV Bharat / videos

ৰাসৰ ব্যস্ততাৰ বাবে সময়ৰ নাটনি যতীন বৰাৰ - ৰাসৰ বাবে সাজপাৰ তৈয়াৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:12 PM IST

টীয়ক, 18 নৱেম্বৰ : শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷ ৰাজ্যৰ চৌদিশে এতিয়া কৃষ্ণ বন্দনাৰ প্ৰস্তুতি । ক’ৰবাত যদি গোপীৰ আখৰা, আন ক’ৰবাত আকৌ কংসৰ আখৰাত ব্যস্ত বহুজন । আখৰাৰ সমান্তৰালকৈ ৰাসৰ বাবে ব্যস্ততাৰ অন্ত নাই সাজপাৰ প্ৰস্তুত কৰা শিল্পীসকলৰো ৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে এওঁলোক ৷

ব্যতিক্ৰম নহয় টীয়কৰ শ্ৰীকৃষ্ণ পোছাক ভাণ্ডাৰৰ পৰিৱেশো ৷ আন্তঃৰাজ্যিক খ্যাতিসম্পন্ন সাজপাৰ শিল্পী তথা ভাণ্ডাৰৰ স্বত্বাধিকাৰ যতীন বৰা আৰু তেওঁৰ সহযোগীসকল ব্যস্ত এতিয়া ৰাসত ব্যৱহৃত সাজপাৰ প্ৰস্তুত কৰা কামত । উল্লেখযোগ্য যে, ৰাসৰ এই সময়ছোৱাত প্ৰতি বছৰে যতীন বৰাই ন ন কৌশল অৱলম্বন কৰি সাজপাৰ প্ৰস্তুত কৰি ইতিমধ্যে বিশেষ সমাদৰ লাভ কৰি আহিছে ।

পূৰ্বে পিতল, প্ৰেইনচিট আদিৰে পোছাক প্ৰস্তুত কৰাৰ সমান্তৰালকৈ এইবাৰ ৰেক্সিনৰ পোছাক তৈয়াৰত ব্যস্ত শিল্পীগৰাকী ৷ ইপিনে এইবাৰ প্ৰায় ৰাসৰে পোছাক আৰু ৰূপসজ্জাৰ দায়িত্বত আছে শ্ৰীকৃষ্ণ পোছাক ভাণ্ডাৰ ৷ আনকি উজনি অসমৰ বহু অঞ্চলৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ লগতে সুদূৰ বেংগালুৰুত অনুষ্ঠিত হ’ব লগা ৰাসলীলাৰ পোছাক আৰু ৰূপসজ্জাৰ বাবে ইতিমধ্যে চুক্তিবদ্ধ হৈছে শিল্পী যতীন বৰা ।

লগতে পঢ়ক :খোৱাঙত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

ABOUT THE AUTHOR

...view details