অসম

assam

কলিয়াপানী মণ্ডল বিজেপিৰ নতুন কাৰ্যালয় উদ্ধোধন

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:11 PM IST

ETV Bharat / videos

Teok BJP office inauguration: কলিয়াপানী মণ্ডল বিজেপিৰ নতুন কাৰ্যালয় উদ্ধোধন

টীয়ক. ৩১ আগষ্ট:যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ নতুন কাৰ্যালয়টো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । বিজেপিৰ নতুন কাৰ্যালয়টো মহাপুৰুষীয়া নাম প্ৰসংগৰে শুভাৰম্ভ কৰে কলিয়াপানী মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলে । উল্লেখ্য যে, পূৰ্বে টীয়কৰ পুৰণা বেংক তিনিআলিৰ সমীপত উক্ত কাৰ্যালয়টি স্থাপন কৰা হৈছিল যদিও দলীয় সাংগঠনিক কাম কাজ সুচাৰুৰূপে কাৰ্যালয়তে অনুষ্ঠিত কৰিব পৰাকৈ এইবাৰ টীয়কত জ্যোতি বিদ্যাপীঠৰ সমীপত এটি গৃহত আজিৰ পৰা নতুন কাৰ্যালয়টি আৰম্ভ কৰা হয় ৷

টীয়ক বিজেপি কৰ্মীসকলে গুৰুমুখী হৈ নাম প্ৰসংগ আয়োজন কৰি দেশ তথা জাতিৰ হকে ৰাজনৈতিক তথা সামাজিকভাৱে কাম কৰি যোৱাৰ সংকল্প লয় । উক্ত অনুষ্ঠানত কলিয়াপানী মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল বৰা, চিপাহীখোলা মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰঠাকুৰ, দুয়োটা মণ্ডলৰ কেইবাগৰাকীও বিষয়ববীয়া, যুৱ মৰ্চা, মহিলা মৰ্চা, কৃষাণ মৰ্চাকে ধৰি বহুকেইজন কৰ্মকৰ্তাৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক:Flood badly affected Gorukhuti project: বানৰ কবলত দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প

For All Latest Updates

ABOUT THE AUTHOR

...view details