অসম

assam

ETV Bharat / videos

Axomi Bhogali Mela: মেলেঙত পিঠা পনাৰে ভোগালী মেলাৰ সমাহাৰ - Bhogali mela across Assam

By

Published : Jan 14, 2023, 2:20 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ৰাজ্যজুৰি ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী (Bhogali bihu in Assam) ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, মধ্য যোৰহাট উন্নয়ন খণ্ডৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে মেলেং কপৰাধৰা সাপ্তাহিক বজাৰত অসমী ভোগালী মেলা ২০২৩ অনুষ্ঠিত কৰা হৈছে (Axomi Bhogali Mela)৷ ২৮ নং বালিচাপৰি পঞ্চায়তৰ সহযোগিতাত অনুষ্ঠিত এই মেলাত থলুৱাভাৱে প্ৰস্তুত কৰা পিঠা, দৈ, ক্ৰীম, সান্দহগুৰি, কোমল চাউল, গুৰ, হালধি আদিৰ লগতে মহিলাসকলে নিজে প্ৰস্তুত কৰা চাদৰ, গামোচা, মেখেলা আদি কাপোৰ বিক্ৰী কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Bhogali mela across Assam)৷ উল্লেখযোগ্য যে গ্ৰাম্যঞ্চলৰ এইসকল মহিলাই নিজ হাতে তৈয়াৰ কৰা বিভিন্ন সা-সামগ্ৰীৰ এখন উচিত বজাৰ প্ৰদান কৰি মহিলাসকলক স্বাৱলম্বী, কৰ্মমুখী তথা আত্মনিৰ্ভৰশীল হ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইপিনে এই মেলাত গ্ৰাহকে যথেষ্ট ভিৰ কৰিছেহি ৷ লগতে আশানুৰূপ ফলাফল লাভ কৰিব বুলি মন্তব্য কৰিছে খণ্ড প্ৰকল্প প্ৰৱন্ধক তুনতুনী বৰাই ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details