অসম

assam

বিজেপি নেত্ৰী উমপা বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি

By

Published : Feb 13, 2023, 4:39 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Sivsagar BJP Leader Passed Away : বিজেপি নেত্ৰী উমপা বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি

শিৱসাগৰ, 13 ফেব্ৰুৱাৰী:ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ মণ্ডল মৰ্চাৰ সভানেত্ৰী উপমা বৰাৰ দেহাৱসান (Sivsagar BJP leader death) ৷ দেওবাৰে শিৱসাগৰৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হয় ৷ শিৱসাগৰৰ মেলাচকৰ যোগমায়া পথৰ নিবাসী আছিল উপমা বৰা ৷ শিৱসাগৰ পৌৰসভাৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰো উপমা বৰা (Ward commissioner Upama Bora Passed away)  ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ ৷  

বিজেপি নেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জিলাখনৰ বিভিন্ন দল সংগঠনে ৷ ইফালে, চিকিৎসকৰ গাফিলতিৰ বাবেই উপমা বৰাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ যাক কেন্দ্ৰ কৰি উপমা বৰাৰ মৃত্যুৰ পাচতেই চিকিৎসাধীন হৈ থকা জেঙনিকটীয়াৰ প্ৰগতি চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Pragati Hospital And Research Centre) । 

উপমা বৰাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত চিকিৎসালয়খনৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবীৰে স্থানীয় ৰাইজৰ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে চিকিৎসালয় চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ ৷ অৱশ্যে আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি (Tense situation in Pragati Hospital) ৷ পূৰ্বেও চিকিৎসালয়খনত চিকিৎসকৰ গাফিলতিৰ বাবে বহু লোকৰ অকাল মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নথকাৰো অভিযোগ উত্থাপন হৈছে ৷ 

এই ঘটনাৰ পাচতে সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ নগৰ মণ্ডলেও উপমা বৰাৰ মৃত্যুত চিকিৎসকৰ গাফিলতি আৰু অৱহেলাৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷ স্মাৰক পত্ৰত চিকিৎসালয়খনৰ আন্তঃগাঁথনি দুৰ্বল বুলিও অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে, অঞ্চলটোৰ বিভিন্ন সামজিক কাম-কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল বিজেপি নেত্ৰীগৰাকী ৷ বিজেপি নেত্ৰী উপমা বৰাৰ অকাল মৃত্যুত স্বাভাৱিকতেই দলটোৰ লগতে সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ ৷  

লগতে পঢ়ক: Historical Moidam in Sivasagar : আমগুৰিত অৱহেলিত ঐতিহাসিক মৈদাম, সংৰক্ষণৰ আহ্বান

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details