অসম

assam

Rupahi Tense Situation

ETV Bharat / videos

Rupahi Tense Situation: বিদ্যালয় পৰিচালনা সমিতি গঠনক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:04 PM IST

চামগুৰি,1 অক্টোবৰ:নগাঁও জিলাৰ ৰূপহী লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ বৰপেটা সোণাইপাৰ বালিকা মোক্তাব বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনা অনুসৰি কিছু উদণ্ড যুৱকে পূৰ্বৰ পৰিচালনা সমিতিখন বাহাল ৰাখিবলৈ সৃষ্টি কৰে এই পৰিস্থিতি । উল্লেখ্য যে, ৰাইজে পূৰ্বৰ কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰিব দাবী উত্থাপন কৰিছিল ৷ 

পূৰ্বৰ কমিটিখনৰ বিৰুদ্ধে বহুতো অনিয়মৰ সংগঠিত কৰা অভিযোগ আছে ৷ সেয়ে এই পূৰ্বক কমিটিখন ভংগ কৰিবলৈ কোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰা মতে, আশিকুল ইছলাম আৰু কেইজনমান যুৱকে কৰে এই উত্তপ্ত পৰিস্থিতি ৷ ফলত বিদ্যালয়ৰ বহুতো আচবাব ভাঙি চুৰমাৰ কৰে উদণ্ড যুৱকসকলে ৷ এই অভিযোগ ৰাইজৰ ৷ এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব নে !

লগতে পঢ়ক :Mother Sells Infant : নৱজাতক বিক্ৰীৰ অভিযোগত নগাঁৱৰ হুজগাঁৱত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details