Tense in Moran: মৰাণত চান্দা তোলাক লৈ নিশা উত্তপ্ত পৰিস্থিতি - বিহুৰ চান্দা
ডিব্ৰুগড়, 26 এপ্ৰিল: মৰাণত চান্দা তোলাক লৈ মঙলবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ বিহুৰ চান্দা তোলাক লৈ উদ্ভৱ হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ চান্দা নিদিয়াৰ বাবে উদণ্ড যুৱকে লণ্ডভণ্ড কৰিলে ফুটপাথৰ দোকান (Hated Situation in Moran for Bihu Chanda) ৷
জানিব পৰা মতে কেইজনমান উদণ্ড যুৱকে মৰাণ নগৰৰ পদপথত থকা কেইখনমান দোকানত বলপূৰ্বকভাৱে চান্দা বিচাৰিছিল ৷ দোকানীকেইজনে বিচৰা ধন নিদিয়াৰ বাবেই যুৱককেইজনে দোকান কেইখন লণ্ডভণ্ড কৰে বুলি অভিযোগ কৰিছে ব্যৱসায়ীকেইজনে (Hated Situation in Moran) ৷
ব্যৱসায়ীকেইজনৰ অভিযোগ অনুসৰি মৰাণৰে এখন বিহু সন্মিলনৰ বাবে যুৱককেইজনে চান্দা তুলিবলৈ গৈছিল । প্ৰথমে দোকানীকেইজনৰ লগত যুৱককেইজন বাক-বিতণ্ডাত লিপ্ত হয় আৰু পিছত ব্যৱসায়ীকেইজনৰ দোকানসমূহ লণ্ডভণ্ড কৰে ৷ ভুক্তভোগী ব্যৱসায়ীকেইজনৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে মৰাণ আৰক্ষীয়ে কেছ নং 41/23 ধাৰা 385/427/323/34 অধীনত এক গোচৰ ৰুজু কৰি যুৱককেইজনক সোধা-পোচা কৰিছে ৷
লগতে পঢ়ক:AASU Protest Against Price Hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুৰ