অসম

assam

জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, বন্ধ কোঠাত মাৰপিটৰ গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 12:40 PM IST

জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

চামগুৰি, 8 ডিচেম্বৰ : জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ এটা বন্ধ কোঠাত অভিভাৱকক মাৰপিট কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

ঘটনা অনুসৰি প্ৰায় এমাহ পূৰ্বে জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত টান কাৱৈমাৰী মুক্তাব বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনত অনিয়মক লৈ গাঁওখনৰ ছাদ্দাম হুছেইন নামৰ এজন অভিভাৱকে RTI আবেদন দাখিল কৰিছিল ৷ এই RTI আবেদনপত্ৰত গাঁওখনৰ 28 জন অভিভাৱকে চহী কৰি তিনিখনকৈ লিখিত অভিযোগ দাখিল কৰিছিল খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত। সেই সংক্ৰান্ততে 28 জনৰ তিনিজন অভিযোগকাৰী পুৰুষ-মহিলাক লিখিতভাৱে জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই কাৰ্যালয়লৈ মাতি আনে ৷

কিন্তু জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ড বিষয়াজনে পৰিকল্পিতভাৱে অচিনাকী লোক দুজনক লগত লৈ SMC শুনানিৰ প্ৰসংগ বাদ দি RTI কৰা প্ৰসংগ টানি আনি এটা কোঠাত তিনিওগৰাকী অভিভাৱকক আৱদ্ধ কৰি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । 

কেৱল ইমানেই নহয় মহিলাকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পিচতে পৰিস্থিতি উত্তপ্ত হোৱাত জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । 

ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিভাৱককেইজনে খণ্ড শিক্ষা বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । ইফালে শেহতীয়াকৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়েও এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক:লোকসভা নিৰ্বাচনত অসমত ৬ খন আসনত কংগ্ৰেছক জয়ৰ স্বপ্ন দেখুৱাইছে আজমলে

ABOUT THE AUTHOR

...view details