অসম

assam

পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী

ETV Bharat / videos

Demand for cancellation of NPS : দিহা নামেৰে নতুন পেন্সন নীতিৰ বিৰোধিতা শিক্ষকৰ - নতুন পেন্সন নীতি

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 9:03 PM IST

আমগুৰি, 23 অক্টোবৰ : "অ’পিএছ মচিলে, এনপিএছ লিখিলে..."- নতুন পেন্সন নীতিৰ বিৰোধিতাৰে আমগুৰিত অভিনৱ প্ৰতিবাদ শিক্ষকৰ ৷ দিহা নাম পৰিৱেশনেৰে নতুন পেন্সন নীতিৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰৰ সুমতি বিচাৰিলে কেইগৰাকীমান শিক্ষকে ৷ শিক্ষক সকলৰ অৱসৰী সময়ছোৱাৰ অৰ্থনৈতিক স্বাধীনতা চৰকাৰে ঘূৰাই দিয়াৰ বাবে এনপিএছ আঁচনি বিলুপ্তিৰ দাবীত এই প্ৰতিবাদ শিক্ষকৰ ৷

উল্লেখ্য যে ৰাজ্যৰ শিক্ষক, চৰকাৰী কৰ্মচাৰী সকলোৱেই দীৰ্ঘদিন ধৰি নতুন পেন্সন নীতিৰ বিৰোধিতা কৰি আহিছে ৷ পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰী কৰ্মচাৰী আৰু শিক্ষক সকলে ৷ ৰাজ্যত প্ৰযোজ্য হোৱা এনপিএছ আঁচনিয়ে তেওঁলোকক এক অন্ধকাৰ ভবিষ্যতলৈ ঠেলি দিছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক :  Corruption in PMAY Scheme : বাৰেকুৰি গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details