অসম

assam

ৰঙিয়াত শিক্ষক দিৱস পালন

ETV Bharat / videos

Teachers Day in Rangia:হৰদত্ত বীৰদত্ত ভৱনত ৬২ সংখ্যাক শিক্ষক দিৱস পালন - ড৹সৰ্বপল্লী ৰাধাকৃষ্ণণক স্মৰণ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:00 PM IST

ৰঙিয়া, ৫ ছেপ্টেম্বৰ:ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড৹সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশেৰ লগতে কামৰূপ জিলা প্ৰশাসনে ৰঙিয়াত ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত ৬২ সংখ্যাক শিক্ষক দিৱস পালন কৰে । এই পবিত্ৰ দিনটোৰ লগত সংগতি ৰাখি কামৰূপ জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত ১৩ গৰাকীকৈ কৃতি শিক্ষকক সম্বৰ্ধনা জনাই ।  

ইফালে, উক্ত অনুষ্ঠানটোত কাউঞ্চিল ফ'ৰ টিছাৰ এডুকেশ্বন ফাউণ্ডেছনে ৰাজ্যিক ভিত্তিত "ইন্দিৰা মিৰি শ্ৰেষ্ঠ শিক্ষক বঁটা” প্ৰদান কৰে কামৰূপ জিলাৰ অন্তর্গত মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থপ্ৰতিম ডেকাক । এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া,কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপুৰ্ব ঠাকুৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা নীলিমা ভাগৱতীৰ লগতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মনসহ জিলাখনৰ বিভিন্ন বিদ্যালয়সমূহৰ পৰা অহা শিক্ষকসকল ।  

লগতে পঢ়ক:Teachers day 2023:ধেমাজিত কৃতী শিক্ষকৰ ঘৰে ঘৰে জিলা আয়ুক্ত

ABOUT THE AUTHOR

...view details