চচলৰ অনশনস্থলীত ঢলি পৰিল প্ৰতিবাদকাৰী শিক্ষক, GMCH ত ভৰ্তি
Published : Dec 6, 2023, 7:17 PM IST
গুৱাহাটী, ৬ ডিচেম্বৰ: পদ প্ৰাদেশিকীকৰণৰ দাবীত চচলত ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে অনির্দিষ্টকালীন অনশন কার্যসূচী। ভেন্সাৰ শিক্ষানুষ্ঠান আৰু প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক-কৰ্মচাৰীৰ সমস্যাৰ সমাধানৰ দাবীত বুধবাৰ তৃতীয় দিনাও সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে অনশনৰ তৃতীয় দিনা অনশনস্থলীত ঢলি পৰিল তিনিগৰাকী প্ৰতিবাদকাৰী শিক্ষক।
ইয়াৰ পিচতে অসুস্থ তিনিও শিক্ষকক আৰক্ষী প্ৰশাসনে ১০৮ এম্বুলেন্স যোগে অনশনস্থলীৰ পৰা GMCHত ভৰ্তি কৰায় । প্ৰতিবাদকাৰী শিক্ষকসকলে ম’হৰ কামোৰ, পোহৰৰ সু-ব্যৱস্থা অবিহনে দিনে-নিশাই প্ৰতিবাদত বহাৰ পিচতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷
উল্লেখ্য় যে, যোৱা ২০-৩০ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজ্যৰ প্ৰায় ২০ হাজাৰ শিক্ষক কৰ্মচাৰী বঞ্চিত হৈ আছে ন্যায্য প্ৰাপ্তিৰ পৰা। ধৰ্ণাস্থলীত যেতিয়ালৈ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী উপস্থিত হৈ আইনখন সংশোধন কৰিব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে অনশন কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ দিয়ে বঞ্চিত শিক্ষকসকলে ৷
লগতে পঢ়ক:উচ্চতম ন্য়ায়ালয়ত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা সম্পৰ্কীয় শুনানি আৰম্ভ