SEBA question paper leak case: মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দেহত মাজুলীত শিক্ষক আটক - Teacher arrested on suspicion of leaking question
মাজুলী, ১৪ মাৰ্চ: ২০২৩ চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এক কলংকিত ঘটনা সংঘটিত হৈছে । অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) নিয়ন্ত্ৰণত চলা মেট্ৰিক পৰীক্ষাত গণিত আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে এই লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (SEBA question paper leak case 2023)।
ৰাজ্যৰ বিভিন্ন স্থানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্যাগৰ দাবীৰে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে মাজুলীত মেট্ৰিকৰ পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ সন্দেহত আৰক্ষীয়ে এগৰাকী শিক্ষকক আটক কৰিছে (Teacher arrested on suspicion of leaking question paper in Majuli)। ধৃত শিক্ষকগৰাকীৰ নাম সিদ্ধাৰ্থ চিৰাং ।
সিদ্ধাৰ্থ চিৰাং অমৰ ঘোষ হলি আইছলেণ্ড একাডেমী নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক (Amar Ghosh Holy Iceland Academy)। তেওঁক মাজুলীৰ গড়মূৰ আৰক্ষী থানাত সোধা পোছা কৰা হৈছে । অৱশ্য়ে সোধা পোছাৰ পিচত বৰ্তমান মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই তেওঁক যাবলৈ অনুমতি দিয়ে ।
উল্লেখ্য় যে, ৰাজ্য়জুৰি এনে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অসম আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰিছিল । অৱশ্য়ে সেই গোচৰটো ইতিমধ্যে চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে । ইয়াৰ পিচতেই চি আই ডিত ৰুজু হোৱা ৩/২৩ নম্বৰ গোচৰটোৰ ভিত্তিতে চিআইডিয়ে বিভিন্ন জিলাত আৰম্ভ কৰিছে তদন্ত ।